২৮ ফেব্রুৱাৰী, ২০১৭ তাৰিখে ৰাষ্ট্রীয় বিজ্ঞান দিৱস পালন
৮ আৰু ৯ মাৰ্চ,২০১৭ত বিদ্যালয়ৰ বাৰ্ষিক ক্রীড়া সমাৰোহ

 

Mission & Vision
Ex-Head Master/Mistress
Achievements
Student Union
Brilliant Students
School Magzine
Trust Committee
Late Suruchi Devi
Late Dipankar Sarmah
Photo Gallery
Video Gallery


প্রথম পৃষ্ঠা
দীপাঙ্কৰ বিদ্যাপীঠ
বিদ্যালয়ৰ ইতিহাস
লক্ষ্য আৰু উদেশ্য
প্রধান শিক্ষক-শিক্ষয়ত্রী
শিক্ষক-শিক্ষয়ত্রীসকল
ছাত্র-ছাত্রীসকল
সুৰুচি দেৱী
দীপাঙ্কৰ শৰ্মা
ফটো গেলেৰী
ভিডি'অ গেলেৰী


প্রধান শিক্ষকৰ মেজৰ পৰা

ইতিহাস বিজড়িত ৰজামৈদামৰ নাতিদুৰতে অৱস্হিত মালৌআলি পথৰ কাষৰে এগৰাকী বিদুষী মহিলা নাম সুৰুচি দেৱী৷ কিশোৰী কালতে যাৰ জীৱনলৈ নামি আহিছিল এক কাল অমানিশা৷ অকালতে বৈধ্যৱ্য জীৱন গ্রহণ কৰিলেও তেখেত ক্লান্ত হৈ পৰা নাছিল; হৈ পৰা নাছিল হতাশগ্রস্ত৷ কাৰণ তেখেতৰ অন্তৰত আছিল বাস্তবায়িত কৰাৰ হাজাৰ স্বপ্ন৷ তেখেতে চিন্তা কৰিছিল কেনেকৈ ভৱিষ্যত বংশধৰ সকলক সু-শিক্ষা প্রদান কৰি এখন সুন্দৰ, সুস্হ সমাজ গঢ় দি থৈ যাব পাৰি৷ তেখেতে এই স্বপ্ন বাস্তৱৰূপ দিয়াৰ উদ্দেশ্যে নিজৰ সৰ্বস্ব দান কৰি ১৯৯১ চনৰ কোনো এক শুভ দিনৰ শুভ মূহুৰ্ত্তত স্হাপন কৰিলে এটি জ্ঞান মন্দিৰ৷ এই জ্ঞান মন্দিৰটিৰ নামাকৰণ কৰিলে তেখেতৰ নয়নৰ মণি স্বৰূপ নাতিনীয়েক দীপাঙ্কৰৰ নামেৰে৷ দীপাঙ্কৰ অকালতে মৰহি যোৱা এপাহি ফুল৷ কিন্তু আইতাক সুৰুচি দেৱীয়ে দীপাঙ্কৰক মৰহি যাবলৈ নিদিলে৷ জীয়াই ৰাখিলে দীপাঙ্কৰ বিদ্যাপীঠ নামৰ শিক্ষানুষ্ঠানৰ জড়িয়তে৷ চাঁওতে চাঁওতে এই দীপাঙ্কৰ বিদ্যাপীঠে নানা ঘাট প্রতিঘাট অতিক্রম কৰি ২৫ টা বছৰত ভৰি দিলেহি৷ বিদ্যালয়ৰ জন্ম মূহুৰ্ত্তৰ পৰা আজিলৈকে যি সকল শিক্ষক শিক্ষয়িত্রীয়ে অক্লান্ত পৰিশ্রম, ধৈৰ্য্য আৰু ত্যাগ স্বীকাৰ কৰি বৰ্তমানৰ বিদ্যালয় খনি যোৰহাটৰ ভিতৰতে নহয় অসমৰ ভিতৰতে এখনি আগশাৰীৰ বিদ্যালয় হিচাপে প্রতিষ্ঠিত হবলৈ সমৰ্থ হৈছো৷ উদাহৰণস্বৰূপে যোৱা ২০১৪ চনত শ্রী অৰ্যমা বৰদলৈয়ে আৰু ২০১৬ চনত শ্রী দীপজ্যোতি দত্তই অসম উচ্চ মাধ্যমিক শিক্ষান্ত পৰীক্ষাত ক্রমে নৱম স্হান আৰু একাদশ স্হান লাভ কৰি বিদ্যালয়ৰ মুখ উজ্বলাবলৈ সমৰ্থ হৈছিল৷ সেইবাবে আমাৰ বিদ্যালয়ৰ প্রতি গৰাকী শিক্ষক শিক্ষয়িত্রীক আমাৰ ফালৰ পৰা ধন্যবাদ আৰু কৃতজ্ঞতা জ্ঞাপন কৰিলে৷

বিদ্যালয়খনৰ মাত্র পুথিগত শিক্ষাতে আৱদ্ধ হৈ থকা নাই৷ যুগৰ লগত ফেৰ মাৰি ছাত্র-ছাত্রীসকলৰ কম্পিউটাৰ শিক্ষা প্রদান কৰি আহিছে৷ লগতে দৃশ্য-শ্রব্য (Audio-Visual) মাধ্যমে শিক্ষা প্রদান কৰি ছাত্র-ছাত্রী শিক্ষাদানত অধিক মনোগ্রাহী হোৱাৰ লগতে শিক্ষাগ্রহণৰ ক্ষেত্রত অধিক বোধগম্য কৰি তুলিছে৷ বিদ্যালয়ৰ ছাত্র-ছাত্রী সকলে অবিদ্যায়তনিক দিশতো যেনে সাহিত্য, সংস্কৃতি খেলাধূলাৰ লগতে তৰ্ক, আকস্মিক বত্তৃতা আদিতো সমানে আগবঢ়াৰ সুবিধা পাইছে৷

বৰ্তমান আমি Internet যুগত উপনীত হৈছো৷ আমাৰ বিদ্যালয়খনিও এই ক্ষেত্রত পিছপৰি থকা নাই৷ মই অতি গৌৰৱেৰে প্র্রকাশ কৰিব খোজো যে ইতিমধ্যে আমাৰ বিদ্যালয়ত www.dipankarvidyapith.in নামেৰে এটা website মুকলি কৰা হৈছে৷ এই website টোৰ মাধ্যমেৰে ইন্টাৰনেট আৰু website ব্যৱহাৰ কৰাত (user) সকলে আমাৰ বিদ্যালয়ৰ বিষয়ে সম্যকভাৱে তথ্য লাভ কৰাত নিশ্চয় সহায়ক হব৷

এই website টো মুকলি কৰাত যি সকল Computer শিক্ষকে অহৰহ প্রচেষ্টা আগবঢ়ালে তেখেতসকললৈ মোৰ ফালৰ পৰা আন্তৰিক ধন্যবাদ জ্ঞাপন কৰিলো৷ এই বিদ্যালয় আৰু website টোৰ ভৱিষ্যত উজ্বল কামনা কৰিলো৷


Students Activities

Awards
বিদ্যালয়ে প্রদান কৰা বঁটাসমূহ

Sports
খেলা-ধুলা

Cultural Activities
সাংস্কৃতিক কায্যসূচী

Science & Technology
বিজ্ঞান আৰু প্রযুক্তিবিদ্যা


Home || Contact Us || Terms of Use

©2018 Dipankar Vidyapith

Maintained by Dipankar Vidyapith, Malow ali, Jorhat-785001, Assam

Powered by